logo

বকতাত ৰংমন শিশু বিকাশ মঞ্চৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস



২৪ মাৰ্চঃ শিশুসকলৰ প্ৰতিভা বিকাশ আৰু বৌদ্ধিক উত্তৰণৰ হকে ২০১৩ চনতে প্ৰতিষ্ঠা হোৱা বকতাৰ ৰংমন শিশু বিকাশ মঞ্চৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে বকতা নৱজ্যোতি গাঁওস্থিত ৰংমন শিশু বিকাশ মঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। আজি ৰাতিপুৱা মঞ্চৰ সভাপতি মোহন শইকীয়াই কৰা পতাকা উত্তোলন আৰু উদযাপন সমিতিৰ সভাপতি বেবী বৰুৱাই কৰা স্মৃতি তৰ্পণৰ সমান্তৰালকৈ অঞ্চলটোৰ এঘাৰজন বিশেষ ব্যক্তিৰ হাতেৰে মঞ্চৰ এঘাৰখন পতাকা উত্তোলন কৰা হয়। কাৰ্যসূচী অনুসৰি শিশুসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছতে মঞ্চৰ শিশুসকলৰ উপৰি শিশু অনুষ্ঠান 'প্ৰভাকীট' আৰু মৰাণৰ সংগীত শিক্ষানুষ্ঠান 'ৰং আৰু ৰিদম'ৰ শিশুসকলৰ গীত, নৃত্য, কবিতা আদিৰ বিচিত্ৰানুষ্ঠান পৰিবেশন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ দিনটোতে নাংচেং ৰাজখোৱা সম্পাদিত, শিশুসকলৰ লেখনিসমৃদ্ধ ছমহীয়া শিশু আলোচনী 'ৰংমন' উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক প্ৰিয়মা দিহিঙীয়া ফুকনে। কাব্যশ্রী কোঁৱৰ সম্পাদিত প্ৰাচীৰ পত্ৰিকা 'ল'ৰালিৰ বাটচৰা' উন্মোচন কৰে সুকুমাৰ কলা পৰিষদৰ সম্পাদক নিপন নিয়ৰ শেনচোৱাই। সন্ধিয়ালৈ বঁটা বিতৰণী অনুষ্ঠানৰ লগতে মঞ্চৰ শিশুসকল আৰু অভিভাৱকসকলৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোত চিত্ৰকলা, শাস্ত্ৰীয় নৃত্য-গীত, লোক সংগীত, নাট্যকলা, সাহিত্য, উশ্বু আৰু টাইকোৱানডো সমৰকলা আৰু বিভিন্ন বাদ্য বাদনত ইতিমধ্যে বিশেষ কৃতিত্ব অৰ্জন কৰা 'মেঘমেদুৰ' নামৰ এক কাব্যপুথিৰ ৰচয়িতা, ডিব্ৰুগড়ৰ ডঁৰিয়লি কাব্য প্ৰতিভা নামৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ ভিন্ন প্ৰতিভা প্ৰদৰ্শনৰ কাৰ্যসূচীয়ে উপস্থিত দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়। বকতা নেমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমানন্দ শইকীয়া, কৃতী শিক্ষক ৰেৱকান্ত ফুকন, নিৰোদ বৰুৱাৰ লগতে অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি আৰু অভিভাৱক-অভিভাবিকা উপস্থিত থকা অনুষ্ঠানটোত ড° শুভজ্যোতি মহন, হেমন্ত বড়া, ধৰ্ম ফুকন প্ৰমুখ্যে ৰংমন শিশু বিকাশ মঞ্চৰ প্ৰশিক্ষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

52
1296 views